চিৰাঙৰ বিজনীত ৰে’লৰ লোহাসহ গ্ৰেপ্তাৰ এজনক

180

চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত বিজনী ৩নং ৱাৰ্ডৰ আমগুৰীৰ বনিয়া পাৰাত এজন চোৰক গ্ৰেপ্তাৰ বিজনী আৰক্ষীৰ । জানিব পৰা মতে দুজন যুৱকে ৰে’লৰ ৯ ডাল লোহা চোৰ কৰি আমগুৰীস্থিত ভাঙা-ছিঙা দোকানত বিক্ৰি কৰে । ঘটনাটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি বিক্ৰী কৰিব অহা দুজন যুৱকক আটক কৰি বিজনী আৰক্ষীক খবৰ দিয়ে । পাছলৈ আৰক্ষী ঘটনা স্থলীত আহি পোৱাৰ আগতে বিক্ৰী কৰিব অহা যুৱক দুজনক পলাই যাবলৈ দিয়ে ভঙা-ছিঙা দোকানৰ স্বত্বাধিকাৰীয়ে । পাছলৈ যুৱক দুজন স্থানীয় লোকৰ চকুত ধুলী দি ভাঙা-ছিঙা দোকানৰ পিছফালৰ দুৱাৰেদি পলাই যাবলৈ সক্ষম হয় । পলাই যোৱা যুৱক দুজনৰ এজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে । চিনাক্ত কৰা যুৱক জনৰ নাম মহিদুল আলী বুলি জানিব পৰা গৈছে । পলাই যোৱা যুৱক দুজনৰে ঘৰ বঙাইগাঁও জিলাৰ গৰাইমাৰীত ।পাছত ঘটনা স্থলীত বিজনী আৰক্ষী উপস্থিত হৈ ৰে’লৰ লোহাসহ লোহা কিনা ভাঙা-ছিঙা দোকানৰ স্বত্বাধিকাৰী মহম্মদ খলিল বাদছাক গ্ৰেপ্তাৰ কৰি বিজনী থানালৈ লৈ যায় । মহম্মদ খলিল বাদছাৰ ঘৰ মানিকপুৰ থানাৰ অন্তৰ্গত ২নং জামদহাত বুলি জানিব পৰা গৈছে।