চিৰাং জিলাৰ বিজনীৰ আমগুৰীস্থিত পুলিচ তালাচি চকীত দেওবাৰে নিশা বিজনী আৰক্ষীৰ অভিযান। বিজনী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত আমগুৰীৰ পুলিচ তালাচি চকীত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমানৰ আফিং । আফিং সমুহ বঙাইগাঁও জিলাৰ পৰা সৰবৰাহ কৰিবলৈ আহোতে বিজনীৰ আমগুৰীস্থিত পুলিচ তালাচি চকীত দুজনক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা দুজনৰ নাম আব্দুল ছামাদ(৩০) আৰু আব্দুল ছবুৰ(৩৩) বুলি জানিব পৰা গৈছে । আফিংখিনি এটা পলিথিনত ভৰাই এটা বেগত লৈ আহোতে বিজনী আৰক্ষীৰ জালত পৰে । বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰায় আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰনজিৎ ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত ৩ কে:জি ৫৪০ গ্ৰাম আফিংসহ এখন দুচকীয়া AS 15U5465 নম্বৰৰ নিলা ৰঙৰ FZ5 বাহন,দুটা মোবাইল জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে ধৃত সৰবৰাহকাৰী দুজনৰ ঘৰ বঙাইগাঁও জিলাৰ ১নং ভান্ডাৰাত । পাছলৈ সৰবৰাহকাৰী দুজনক বিজনী থানাৰ লৈ আনি সোধ পোছ অব্যাহত ৰাখিছে বিজনী আৰক্ষীয়ে।