চিৰাঙৰ নাঙলভঙা নৈত নাও দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা ৩০ জনতকৈও অধিক যাত্ৰীৰ

90

চিৰাঙৰ নাঙলভঙা নৈত সংঘটিত এক নাও দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে শিশু-মহিলাসহ ৩০ জনৰো অধিক যাত্ৰীৰ। এখন সৰু নাওৰে বাৰিষাৰ নৈখন পাৰ হবা লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে নাওখন বুৰ যোৱাৰ লগে লগে প্ৰত্যক্ষদৰ্শী স্থানীয় ৰাইজৰ তৎপৰতাত আটাইকেইজন যাত্ৰীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, নাঙলভঙা নৈত দলং নথকাৰ বাবে দুই পাৰৰ যাত্ৰীৰ একমাত্ৰ যাতায়ত হিচাপে নাও যাত্ৰাই ব্যৱহাৰ হৈ আহিছে। আনহাতে অধিক ভাড়াৰ লালসাত নাও চালকসকলে একেলগে বহু যাত্ৰীক লৈ নাও চলাচল কৰাৰ বাবে দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পাই আহিছে।