চিৰাঙত শুই থকা অৱস্থাতে ব্যৱসায়ীৰ ওপৰত গুলীচালনা দুৰ্বৃত্তৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন

302

চিৰাং জিলাত শনিবাৰে নিশা দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰাৰ ফলত এজন লোক গুৰুতৰভাৱে আহত হৈছে।

আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমটেকা বজাৰত পুৱা প্ৰায় ১২:৩০ বজাত সংঘটিত হয় এই ঘটনা।

আহত ব্যক্তিজন আমটেকাৰ ক্ষুদ্ৰ ব্যৱসায়ী অনিল ঈশ্বৰ (৫৫) বুলি চিনাক্ত কৰা হৈছে। তিনিবাৰকৈ গুলীত আঘাত পোৱাৰ পিছতে সংকটজনকভাৱে আহত হৈছে অনিল। বুকু আৰু হাতত গুলী লাগিছে।

বৰ্তমান বঙাইগাঁৱৰ নিম্ন অসম হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে অনিল।

খবৰ অনুসৰি, শুই থকা অৱস্থাত ঘৰৰ খিৰিকীৰে দুৰ্বৃত্তই গুলীচালনা কৰে।

চিৰাঙৰ বিজনীৰ আৰক্ষী বিষয়াৰ এটা দলে সম্প্ৰতি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। কিন্তু ঘটনাটো কি কাৰণত সংঘটিত হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

অনিল ঈশ্বৰৰ পত্নীয়ে জনোৱা মতে, মাজনিশা অচিনাক্ত দুষ্কৃতিকাৰীয়ে তেওঁলোকৰ ঘৰলৈ আহি স্বামীৰ ওপৰত গুলীচালনা কৰে।

তেওঁ কয়, “মোৰ স্বামী হাৰ্ডৱেৰ দোকানৰ মালিক। ইয়াৰ পূৰ্বে কোনো এজনৰ পৰা দাবী বা ভাবুকি নাছিল। আমি অতিশয় স্তম্ভিত আৰু কিয় গুলীচালনা সংঘটিত হ’ল তাৰ কোনো ধাৰণা নাই।”

উল্লেখযোগ্য যে শনিবাৰে সন্ধিয়া কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীত আন এক গুলীচালনাৰ ঘটনা সংঘটিত হয়। সুনীল মণ্ডল নামৰ এজন ব্যৱসায়ীৰ ওপৰত দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰে।