চিনেমাত নহয় এয়া বাস্তৱ, এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব ১৯ বছৰীয়া সৃষ্টি গোস্বামী

100

চিনেমাত নহয় এয়া বাস্তৱ, এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব ১৯ বছৰীয়া সৃষ্টি গোস্বামী
২৪ জানুৱাৰীত ৰাষ্ট্ৰীয় বালিকা দিৱসৰ দিনা ১৯ বছৰীয়া সৃষ্টিক উত্তৰাখণ্ড চৰকাৰে এদিনৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অনিল কাপুৰৰ ছবি নায়কৰ কথা মনত আছেনে, ছবিখনত মাত্ৰ ২৪ ঘণ্টাৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল অনিল কাপুৰ। কিন্তু এইবাৰ চিনেমাত নহয়, সঁচাকৈয়ে সংঘটিত হবলৈ গৈ আছে তেনে এক ঘটনা। অহা ২৪ জানুৱাৰীত এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব হৰিদ্বাৰৰ বাসিন্দা সৃষ্টি গোস্বামী।
মাত্ৰ এদিনৰ বাবে হ’লেও ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব সৃষ্টি। ২৪ জানুৱাৰীত ৰাষ্ট্ৰীয় বালিকা দিৱসৰ দিনা ১৯ বছৰীয়া সৃষ্টিক উত্তৰাখণ্ড চৰকাৰে এদিনৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।