চিটি বাছৰ ভাড়া বৃদ্ধি হোৱা নাই। বৰ্ধিত ভাড়া লোৱা বাছৰ বিৰুদ্ধে ব্যৱস্থা ল’ব চৰকাৰে।
এই কথা জনালে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
চৰকাৰী নিৰ্দেশনা নথকাৰ স্বত্বেও বাছ সমূহে যাত্ৰীৰ পৰা অনাহকত বৰ্ধিত ভাড়া লোৱাত একাংশ যাত্ৰীয়ে আপত্তি দৰ্শাইছিল। ন্যূনতম ৭ টকা ভাড়া ১০ টকালৈ বৃদ্ধি কৰিছিল বাছ সমুহে। ‘আনলক প্ৰথম পৰ্য্যায়’ত বাছ সমূহে যাত্ৰীৰ পৰা আদায় লোৱা এই বৰ্ধিত ভাড়া সম্পৰ্কত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মতে, ‘চৰকাৰে ভাড়া এটকাও বৃদ্ধি কৰা নাই। যি সমূহ বাছৰ কণ্ডাক্টৰে বেছিকৈ ভাড়া লৈছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা লব।’