ছ’চিয়েল মিডিয়াত ভিডিঅ’ চিত্ৰগ্ৰহণ কৰাৰ সময়ত চলন্ত গাড়ীত ছিটবেল্ট নিপিন্ধা বাবে জৰিমনা বিহা হৈছে প্ৰধানমন্ত্ৰী ঋষি সুনকক।
লেংকাশ্বাৰ আৰক্ষীয়ে জনোৱা মতে, লণ্ডনৰ এজন ৪২ বছৰীয়া প্ৰধানমন্ত্ৰী সুনকক নিৰ্দিষ্ট জৰিমনা বিহাৰ চৰ্তসাপেক্ষ জাননী প্ৰেৰণ কৰা গৈছে।
ইফালে সুনকৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে, প্ৰধানমন্ত্ৰীয়ে এয়া ভুল বুলি সম্পূৰ্ণৰূপে মানি লৈছে আৰু ক্ষমা বিচাৰিছে। তেও লগতে কয় যে তেওঁ জৰিমনা ভৰিব।
ছিটবেল্ট উপলব্ধ হ’লে পিন্ধিব নোৱাৰাকৈ ধৰা পৰা যাত্ৰীসকলক ১০০ পাউণ্ড জৰিমনা বিহা হ’ব পাৰে।
গোচৰটো আদালতলৈ গ’লে এই পৰিমাণ ৫০০ পাউণ্ডলৈ বৃদ্ধি পাব পাৰে।
ভিডিঅ’টো চিত্ৰগ্ৰহণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকী ইংলেণ্ডৰ উত্তৰৰ লেংকাশ্বাৰত আছিল।
