চিকিৎসাৰ পিছতে গৰ্ভৱতী মহিলাৰ মৃত্যু! বকোত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক

308

কামৰূপ জিলাৰ অন্তৰ্গত বকোত দেওবাৰে নিশা গ্ৰেপ্তাৰ হয় এজন ভুৱা চিকিৎসক।

ইব্ৰাহিম আলী নামৰ অভিযুক্তজনৰ চিকিৎসাৰ পিছত এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু হোৱাৰ পিছতে আত্মগোপন কৰে।

দেওবাৰে এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই বৰালিমাৰী অঞ্চলৰ পৰা অভিযুক্ত ভুৱা চিকিৎসকজনক আটক কৰে।

মুন্নিয়াৰা বেগম নামৰ এবাউট এক্ৰেডিটেড ছ’চিয়েল হেল্থ এক্টিভিষ্টৰ এজন কৰ্মীকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আলীয়ে দীৰ্ঘদিন ধৰি তামুলদী অঞ্চলৰ নিজা বাসগৃহত অবৈধভাৱে ব্যৱসায় চলাই আহিছিল বুলি আৰক্ষীয়ে আৰু জনায়।