চিকিৎসক ডঃ উমেশ শৰ্মাক দিয়া হ’ল প্ৰথমটো ভেকচিন

62

আজিৰে পৰা আৰম্ভ হ’ল ক’ভিড প্ৰতিষেধক প্ৰদান অভিযান ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চিকিৎসক ডঃ উমেশ শৰ্মাক দিয়া হয় প্ৰথমটো ভেকচিন ৷ পুৱা ১০.৩০ বজাত আনুষ্ঠানিকভাবে আৰম্ভ হয় এই কাৰ্যসূচী ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰতিষেধক লয় ডঃ উমেশ শৰ্মাই ৷ অসমৰ প্ৰথমগৰাকী ক’ভিড ভেকচিন লাভ কৰা ব্যক্তি চিকিৎসক ডঃ উমেশ শৰ্মা ৷