ডিজিটেল ডেস্কঃ ২৬ অক্টোবৰৰ বিজয়া দশমীৰ নিশা দেৱী বিসৰ্জনৰ সময়ত বিহাৰৰ মুংগেৰত সংঘটিত হৈছিল গুলীবৰ্ষণৰ ঘটনা। এই ঘটনাত ১ জন লোক নিহত হোৱাৰ উপৰিও আহত হৈছিল ১৭ গৰাকীকৈ আৰক্ষী কৰ্মী। আহত হৈছিল সাধাৰণ নাগৰিকো।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত সংঘটিত এই অপ্ৰীতিকৰ ঘটনাই তোলপাৰ লগাইছিল সমগ্ৰ ৰাজ্য। আৰক্ষীয়ে ঘটনাৰ বিৱৰণী দিয়া মতে, সেইদিনা নিশা মুংগেৰত দেৱী বিসৰ্জনৰ বাবে যোৱাৰ সময়তে কৰ্তব্যৰত আৰক্ষীৰ ওপৰত প্ৰথমে শিলাবৰ্ষণ কৰে এটা দুস্কৃতিকাৰীৰ দলে। আৰক্ষীয়ে দুস্কৃতিকাৰীক বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰাত এইবাৰ গুলীবৰ্ষণ আৰম্ভ কৰে দলটোৱে। যাৰ ফলত আৰক্ষী বিষয়া-কৰ্মীসহ কুৰি জনৰো অধিক লোক আহত হয় আৰু এজনৰ মৃত্যু ঘটে।
শেহতীয়াকৈ মুংগেৰৰ ঘটনাৰ তদন্ত চলাই চিআইএছএফে প্ৰাথমিক তদন্তৰ প্ৰতিবেদন দাখিল কৰিছে। কিন্তু এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আৰক্ষীয়েহে প্ৰথমে গুলীবৰ্ষণ কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা মতে, বিজয়া দশমীৰ নিশা প্ৰায় ১১.২০ বজাত মূৰ্তি বিসৰ্জনৰ সময়ত সৃষ্টি হোৱা ভিৰ নিয়ন্ত্ৰণৰ বাবে মুংগেৰ আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰে। যাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু একাংশ লোকে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে।
কিন্তু মুংগেৰ আৰক্ষীৰ মতে, দুস্কৃতিকাৰীয়ে প্ৰথমে আৰক্ষীলৈ শিলাবৰ্ষণ কৰাৰ পিছত গুলীবৰ্ষণ কৰে। চিআইএছএফৰ প্ৰাথমিক তদন্তৰ প্ৰতিবেদনে এতিয়া মুংগেৰ হিংসাৰ ঘটনাক নতুন মোৰ প্ৰদান কৰিছে।
