চাৰি বছৰ পৰ ব্ৰহ্মপুত্ৰৰ তলৰে সুৰংগ পথ নিৰ্মাণ

117

বিগত প্ৰায় দুমাহ ধৰি মাজে সময়ে ৰাজ্যখনত চৰ্চিত হৈ থকা বিষয়টো হ’ল বিষয়টো হ’ল ব্ৰহ্মপুত্ৰৰ তলৰে উত্তৰ অসমৰ গহপুৰ আৰু দক্ষিণ দিশৰ নুমলিগড়ক সংযোগ কৰি ১৪.৮৫ কি:মি: দৈৰ্ঘ্যৰ সুৰংগ পথ নিৰ্মাণ। কেন্দ্ৰীয় চৰকাৰে যোৱা জুলাই মাহত গহপুৰ-নুমলিগড় সংযোগী পথ নিৰ্মাণত চুড়ান্ত অনুমোদন দিয়াৰ পাছত বিৰোধী দল সমূহে ইয়াক যোৰহাট-মাজুলি সংযোগী দলং নিৰ্মাণৰ দৰে আভুৱা ভৰা বিষয় বুলি উৰাই দিয়াত ৰাইজৰ মাজতো সুৰংগ পথ নিৰ্মাণক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। ইফালে দেশৰ প্ৰতিৰক্ষাৰ দিশত বিশেষকৈ চুবুৰীয়া চীন দেশৰ সাম্ভব্য আক্ৰমণ, আগ্ৰাসন আহিব মোকামিলা কৰিবৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুৰোধ মৰ্মে সুৰংগ পথ নিৰ্মাণৰ বিষয়টোত চুড়ান্ত মোহৰ মাৰিছে মাৰিছে কেন্দ্ৰীয় চৰকাৰে। চীন দেশে বোমা পেলাই চীন সীমান্ত সংযোগী অৰুণাচললৈ যাব পৰা তেজপুৰৰ কলীয়া ভোমোৰা দলং, ডিব্ৰুগড়ৰ বগীবিল আৰু তিনিচুকীয়াৰ ঢলা শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেতু ধংস কৰিলেও যাতে যাতায়ত ব্যৱস্থা ব্যহত নহয় তাৰবাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০১৫ চনৰে পৰা কেন্দ্ৰীয় চৰকাৰক হেচা দি আহিছিল। আনকি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সীমান্ত পথ সংগঠনৰ (বি.আৰ.অ) ফালৰ পৰা ২০১৬ চনতে ব্ৰহ্মপুত্ৰৰ তলৰে গহপুৰ-নমুলিগড় সংযোগী কৰি সুৰংগ পথ নিৰ্মাণৰ বাবে জৰীপ চলোৱা হৈছিল।

বি.আৰ.অ. গুৱাহাটীৰ লংকেশ্বৰস্থিত পূৱ মণ্ডলৰ মূখ্য কাৰ্যালয়ৰ তদান্তীন অতিৰিক্ত সঞ্চালক প্ৰধান ড০ শ্যাম সুন্দৰ পাৰোৱালৰ নেতৃত্বত বিভাগটোৰ এটি অভিযন্তাৰ দল ২০১৬ চনতে প্ৰস্তাৱিত গহপুৰ-নুমলিগড় সংযোগী সুৰংগ পথৰ চুড়ান্ত নক্সা তৈয়াৰ কৰিছিল। তাৰ পাছত নক্সাসহ সুৰংগ পথ নিৰ্মাণৰ প্ৰস্তাৱ ড০ শ্যাম সুন্দৰ পাৰোৱালে প্ৰতিৰক্ষা মন্ত্ৰালয়ক দাখিল কৰিছিল। ঐইখিনিতে উল্লেখ্য ২০১৭ চনত বি আৰ অ’ৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে ড০ পাৰোৱালে । চাকৰি জীৱনৰ ৩৬ টা বছৰৰ ভিতৰত ২৬ বছৰেই কাৰ্যনিৰ্বাহ কৰিছে অৰুণাচল প্ৰদেশ আৰু অসমত। বি.আৰ.অ’ত পথ, দলং আৰু সুৰংগ নিৰ্মাণৰ বিশেষজ্ঞ হিচাপে পৰিচিত ড০ পৰোৱালে চিকিম আৰু অৰুণাচল প্ৰদেশত চীন সীমান্ত সংযোগী প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ আৰু দলং নিৰ্মাণৰ প্ৰকল্পৰ লগত জড়িত।