চামগুৰিত ৰোমাণ্টিক কাৰ্বি এলবাম ‘য়েহ চেংভি’ৰ শুভ মুক্তি

91

ঋতু পৰ্ণ শৰ্মা, নগাঁও: নগাঁও আৰু কাৰ্বি আংলং সীমান্তৱৰ্তী পাৰ্কুপৰ প্ৰচাৰবিমুখ কাৰ্বি জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী চন্দ্ৰ কাথাৰৰ কণ্ঠত এটি কাৰ্বি ৰোমাণ্টিক মিউজিক ভিডিঅ’ৰ শুক্ৰবাৰে মুক্তিলাভ কৰে ৷ নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন মনোমোহা লোকেচনত চিত্ৰগ্ৰহণ কৰা মিউজিক ভিডিঅ’টোৰ দৃশ্যায়নে শ্ৰোতা দৰ্শকৰ মাজত ভাল জনপ্ৰিয়তা অৰ্জন কৰাত কলা-কুশলীসকল সফল হৈছে ৷ ভিডিঅ’টিৰ মূল চৰিত্ৰত অভিনয় কৰিছে নিকিতা বৰা আৰু ছহিদুল ইছলামৰ লগতে এটি নৃত্য শিল্পীৰ দলে৷

গীতটিত কথা-সুৰৰ লগতে কণ্ঠদান কৰিছে চন্দ্ৰ কাথাৰে আৰু প্ৰযোজনা কৰিছে বিদ্যা সিং লেখটেই ৷ ইপিনে সাজসজ্জাৰ দিশটো জোনমণি টেৰাংপি আৰু বিনুমাই এংহিপিৰ লগতে ৰূপসজ্জাৰ কাম সমাপন কৰিছে ৰাহুল সন্দিকৈয়ে ৷ ভিডিঅ’টো সুন্দৰভাৱে পৰিকল্পনা, পৰিচালনা,ডি.অ.পি আৰু সম্পাদনা কৰিছে নৃপেন হাজৰিকা (মিন্টু)ই৷

গিম্বল অপাৰেটৰ কৰিছে চাজুৱে ৷ উল্লেখযোগ্য যে চামগুৰিৰ নিৱাসী নৃপেন হাজৰিকা(মিন্টু)ই সংগীত, ভিডিঅ’পৰিচালনা আৰু সম্পাদনা কৰা ভালেকেইটা মিউজিক ভিডিঅ’ বিগত দিনত মুক্তি লাভ কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে লগতে সমূহ গীতৰ ভিডিঅ’ৰ এলবামবোৰ ”Nipen Hazarika Entertainment” ইউটিউব চেনেলটোত উপলব্ধ বুলি জানিব পৰা গৈছে ৷