চামগুৰিৰ আমনিৰ এজন যুৱ ব্যৱসায়ী যোৱা দুদিন ধৰি সন্ধানহীন হৈ থকাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, আমনিৰ মঞ্জিত নামৰ ধাবাখনৰ স্বত্বাধিকাৰী ৩৫ বৰ্ষীয় সঞ্জিত ওৰফে শৈলেশ ৰায়ে শনিবাৰে পুৱা ৫.৩০ বজাত নিজৰ ধাবাৰ তলা খোলাৰ পিছত প্ৰাতঃ ভ্ৰমণলৈ ওলাই গৈছিল। আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে যুৱ ব্যৱসায়ীজন।
ইফালে শনিবাৰে পুৱা হাফপেণ্ট আৰু গেঞ্জী পিন্ধি শৈলেশ ৰায়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মোবাইল কথা পাতি গৈ থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল। যুৱকজন সন্ধানহীন হোৱা সন্দৰ্ভত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
