চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড, ভাগৱত জ্বলালে দুৰ্বৃত্তই! লুটি নিলে সোণ-ৰূপৰ ফুলি

361

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অম্বুবাচীৰ সময়তে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নিজ ভেলেউগুৰি নামঘৰত দুৰ্বৃত্তই নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড কৰি ভাগৱত পুথি জ্বলাই দিয়াৰ লগতে নামঘৰৰ মণিকূটৰ ভিতৰত থকা দুপদ সোণৰ ফুলি, তিনি পদ ৰূপৰ ফুলি আৰু কেইবাশ টকা লুট কৰি নিয়ে।

ঘটনা পোহৰলৈ অহাৰ পাছতে চামগুৰি অঞ্চলত ব্যাপক সৃষ্টি হৈছে। প্ৰাপ্ত বাতৰি মতে ২২ জুনৰ দিনা অম্বুবাচীৰ বাবে আন মন্দিৰৰ দৰে চামগুৰিৰ ভেলেউগুৰিৰ এই নামঘৰটোৰো দুৱাৰ বন্ধ কৰি দিয়া হয়। অম্বুবাচীৰ নিবৃত্তিৰ দিনা (২৬ জুন) নামঘৰটোৰ নামঘৰীয়া তিলক বৰাই পুৱা ৯ বজাত নামঘৰত প্ৰৱেশ কৰি হতবাক হৈ পৰে। নামঘৰীয়া বৰাই নামঘৰ পৰিষ্কাৰ কৰিবলৈ আহি দেখা পাই ছাঁইৰ দ’ম। বৰাই লগে লগে গাঁৱৰ ৰাইজক খবৰ দিয়ে।

ৰাইজে আৰক্ষীক অৱগত কৰাত আৰক্ষী উপস্থিত হয়। ভেলেউগুৰিৰ স্থানীয় ৰাইজে জনোৱা মতে অম্বুবাচীৰ সময়ত দুৰ্বৃত্তই নামঘৰটোত প্ৰবেশ কৰি ভাগৱত পুথিৰ লগতে অন্যান্য পুথিৰ লগতে ধৰ্মীয় পুথি মন্দিৰৰ পৰা কিছু নিলগত পুৰি জ্বলাই দিয়ে। পুথিৰ ওপৰত নামঘৰ পৰিষ্কাৰ কৰা ঝাড়ুও জাপি দিয়ে। মণিকূটৰ সিংহাসনৰ কাপোৰ লণ্ড-ভণ্ড কৰি সিংহাসনখনো জ্বলাই দিবলৈ অপচেষ্টা কৰে।

উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত চামগুৰি সমষ্টিৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰগাঁৱৰ নামঘৰৰ সন্মুখত প্ৰতিষ্ঠা কৰা দুটা গৰুড় পক্ষীৰ মূৰ্তি দুটা আৰু সিংহাসনত অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হৈছিল।