চামগুৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক আটক

79

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰতৰ অভিযান অব্যাহত ৰাখিছে। জিলাখনৰ চামগুৰি থানাৰ অন্তৰ্গত ভগামূৰত আজি আৰক্ষীয়ে চলোৱা এক আকস্মিক অভিযানত ড্ৰাগছৰ ১১টা কণ্টেনাৰ, ১.০৫ গ্ৰাম হেৰ’ইন আৰু এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছৰ সৰবৰাহৰে জড়িত এজন লোককো আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষীয়ে আটক কৰা লোকজন বিল্লাল উদ্দিন বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ধৃত বিল্লাল উদ্দিনৰ ঘৰ চামগুৰিৰ ভগামূূৰত।