চামগুৰিত আৰক্ষীৰ জালত ভুৱা চিকিৎসক

85

জালি নথি-পত্ৰৰে নিযুক্তি লৈ নগাঁৱৰ চামগুৰিত চাহ জনগোষ্ঠীয় লোকক চিকিৎসা প্ৰদান কৰি অহা এজন ভুৱা চিকিৎসক আৰক্ষীৰ জালত পৰিছে। প্ৰায় এবছৰ ধৰি চামগুৰিৰ শালনা চাহ বাগিছাৰ চিকিৎসালয়খনত কৰ্মৰত হৈ থকা ৰাজু হাতীকাকতি নামৰ ভুৱা চিকিৎসকজনক অৱশেষত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলেৰ নেতৃত্বত আৰু শালনা আৰক্ষী চকীৰ আৰক্ষী বিষয়া মন্টু কলিতাৰ সহযোগত এটা আৰক্ষী দলে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে। ধৃত ভুৱা চিকিৎসকজনৰ ঘৰ শিৱসাগৰ জিলাৰ নাজিৰাত বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

জানিব পৰা মতে, বিগত ১০ বছৰৰো অধিক কাল ৰাজু হাতীকাকতি নামৰ লোকজনে নিজকে চিকিৎসক বুলি দাবী কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিকিৎসা প্ৰদান কৰি আহিছিল। শেহতীয়াকৈ যোৱা এটা বছৰ পূৰ্বে ভুৱা নথি-পত্ৰ দেখুৱাই শালনা চাহ বাগিছাৰ চিকিৎসালয়ত যোগদান কৰিছিল ৰাজুৱে। কিন্তু ৰাজুৰ বিৰুদ্ধে বাগিছাখনৰ লোকে ভুল চিকিৎসা প্ৰদানৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক গোচৰ তৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই ৰাজু হাতীকাকতিক গ্ৰেপ্তাৰ কৰে। পিছত গুৱাহাটীৰ NABH আৰু আৰ্য্য হাস্পতালৰ ডাঃ অভিজিৎ নেওগৰ নেতৃত্বত এটা দল চামগুৰি আৰক্ষী থানাত উপস্থিত হৈ ৰাজু হাতীকাকতিৰ অনুজ্ঞাপত্ৰসমূহ ভুৱা বুলি প্ৰমাণ কৰে৷