চাবুৱাত ২ লক্ষাধিক টকাৰ জালি নোটসহ ৩ জনক গ্ৰেপ্তাৰ

51

চাবুৱাত সোমবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই ২ লাখ ৪০ হাজাৰ টকাৰ জালি নোটসহ নকল টকাৰ সৰবৰাহৰে জড়িত ৩ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, নিশা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে জংগল ধাবাত অভিযান চলায় আৰু এই নকল টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে এগৰাকী মহিলাসহ ৩জনক গ্ৰেপ্তাৰো কৰে। ধৃত লোককেইজন ক্ৰমে বিপুল গোহাঁই, উৎপল শইকীয়া আৰু স্বৰ্ণলতা চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে।