চাবুৱাত গীত গাই নিৰ্বাচনী প্ৰচাৰ অজয় ফুকনৰ

60

শিল্পী সমাজক কা’ আন্দোলনৰ সময়ত নেতৃত্ব দিয়া সংগীত পৰিচালক তথা চাবুৱা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী অজয় ফুকনে গীত আৰু বিহু নাচি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। মাতৃ আৰু পত্নীক লগত লৈ চাবুৱা সমষ্টিৰ বিভিন্ন গাঁও পঞ্চায়তৰ গাঁও সমূহত বিহু নাচি নতুবা কা’ বিৰুদ্ধে সংগীত পৰিৱেশন কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে অজয় ফুকনে।