নগাঁওঃ অসমত ড্ৰাগছৰ বিৰুদ্ধে অবিৰত অভিযান অব্যাহত আছে। ৰাজ্যত ইজনৰ পিছত সিজন ড্ৰাগছ বিক্রেতা আৰু সৰবৰাহকাৰী আটক হৈছে। তাৰ মাজতে ৰহা আৰক্ষী বাহিনীৰ লগতে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কোটিক স্কোৱাডে চাপৰমুখ ৰে’ল ষ্টেচনত অভিযান চলাই চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হওঁ। আৰক্ষী বাহিনীয়ে সৰবৰাহকাৰী কেইজনৰ পৰা ৮৫ লাখ টকাৰ ১২০ গ্ৰাম হেৰোইন উদ্ধাৰ কৰে।
আৰক্ষীয়ে আজি পুৱা ৩ বজাত ষ্টেচনৰ এজন ভিতৰুৱা লোকৰ পৰা পোৱা তথ্যৰ পিছত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে সৰবৰাহকাৰী কেইজনক আটক কৰে।
ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ পৰিচয় বৰদোৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰী গাঁৱৰ আইনুল হক আৰু চিতাৰা বেগম, ধনিয়া ভেটি গাঁৱৰ ৰোজিদুল হক আৰু নগাঁৱৰ কচুয়া থানাৰ অন্তৰ্গত লং জুপ পডুমনি গাঁৱৰ ৱাদিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে সদৰী কৰা মতে, ড্ৰাগছ সৰবৰাহ কাৰী কেইজনে দহটা চাবোনৰ কেছত হেৰোইন খিনি লুকুৱাই লিডু এক্সপ্ৰেছৰ জৰিয়তে ডিমাপুৰৰ পৰা ৰহাত উপস্থিত হৈছিল।
