চাপৰত ১৫০ লক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ এজনক আটক

99

সমগ্ৰ ৰাজ্যজুৰি ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিক্ৰী আৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন। শেহতীয়াকৈ চাপৰ আৰক্ষীয়ে অভিযানৱ চলাই অঞ্চলটোত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চাপৰৰ কাজিপাৰাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানকালত আৰক্ষীয়ে ৭০ টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে ড্ৰাগছ সৰবৰাহৰে জড়িতৰ অভিযোগত আৰক্ষীয়ে এজন লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য কমেও ১৫০ লাখ টকা হব বুলি জনাইছে আৰক্ষীয়ে।