চানমাৰি অমিয় নগৰৰ কেইবাস্থানত ভুমিস্খলন

91

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটী মহানগৰীৰ ভুমিস্খলনৰ ঘটনা ক্ৰমান্বয়ে দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে ৷ চলিত বৰ্ষৰ জুন – জুলাই মাহত বৰষুণৰ পৰিমান বৃদ্ধি পোৱাৰ ফলত মহানগৰীৰ কেইবাটাও স্হানত ভয়ংকৰ ভুমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ ইতিমধ্যে মহানগৰীৰ কাহিলীপাৰৰ উষা বৰা (৭২) আৰু খাৰঘুলিৰ হিড়িম্বা পুৰৰ প্ৰতিভাবান নৃত্য শিল্পী তথা গুৱাহাটী কলেজৰ ছাত্ৰী প্ৰিয়ংকা
বড়ো (২১) ভয়ংকৰ ভুমিস্খলনৰ ফলত মৃত্যু ঘটে ৷ ইয়াৰ সমান্তৰালভাৱে দেওবাৰে পুনৰ মহানগৰীৰ চানমাৰি অমিয় নগৰ অঞ্চলতৰ কেইবাটিও স্থানত
ভুমিস্খলনৰ ঘটনা সংঘটিত হোৱা তথ্য পোহৰলৈ আহে ৷ জানিব পৰামতে ভুমিস্খলনৰ ফলত অমিয়নগৰ হলিচাইল্ড সংযোগী পথৰ কেইবাগৰাকী
স্থানীয় ব্যক্তিৰ বাসগৃহ অতি বিপদশংকুল অবস্থাত আছে ৷ চলিত সপ্তাহৰ নেৰেনেপেৰা বৰষুণ বাবেই পৰেশ তালুকদাৰ, ললিত ভুঞা, বৈজয়ন্তী ডেকাৰ লগতে কেইবাটাও বাসগৃহ অতি সংকত অৱস্থাত আছে ৷ ভুমিস্খলনৰ ফলত ইতিমধ্যে বাসগৃহ সমুহৰ মাটি খহি গৈছে ৷ এঠাইত আকৌ মাটি ঢহি অন্য এঘৰ ব্যক্তিৰ ঘৰৰ পকি দেৱাল ভাঙি ভিতৰত সোমোৱা দেখা গৈছে ৷ তৎস্বত্বেও জিলা প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ পুনৰ বৰষুন দিলে হয়তো ঘৰ- দুৱাৰ ভাঙি পৰাৰ পুৰ্ন সম্ভাৱনা আছে ৷সেই বাবেই বাসিন্দা সকলে যঠেষ্ট চিন্তিত হৈছে ৷ লকডাউনৰ বাবে মাটি খহি অহা ৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰনৰ পদক্ষেপ
গ্ৰহন কৰিব পৰা নাই ৷ তেওঁলোকে সংবাদ মাধ্যমক কয় লকডাউনৰ বাবে ভালকৈ খোৱ বোৱা কৰিব পৰা নাই ৷ আৰ্থিক দিশত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷তেনে স্থলত নিজৰ ঘৰটো সুৰক্ষিত অনুভৱ কৰা নাই ৷ সেইবাবেই তাৎক্ষণিক ভাবেই নিজৰ জীৱন আৰু বাসগৃহ ৰক্ষাৰ ক্ষেত্ৰত জিলা প্ৰশাসনক অন্তত ১০-১২ তিৰ্পাল দিবলৈ অনুৰোধ জনায় ৷