চাঞ্চল্যকৰ! হাইলাকান্দিত পাষাণ পুত্ৰৰ হাতত মৃত্যু মাতৃৰ

284

বৃহস্পতিবাৰে হাইলাকান্দি জিলাত এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াক তেওঁৰ পাষাণ পুত্ৰই নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, হাইলাকান্দিৰ টোল ৰোড এলেকাৰ সমীপৰ বাসগৃহৰ শোৱনি কোঠাত বৃহস্পতিবাৰে উদ্ধাৰ হয় জয়শ্ৰী দেৱৰয় নামৰ মহিলাগৰাকীৰ মৃতদেহ।

আৰক্ষীয়ে জনোৱা মতে, “মৃতদেহৰ কাষত এডাল প্লাষ্টিকৰ ৰছী উদ্ধাৰ কৰা হৈছে আৰু সেই ৰছীৰে ডিঙি চেপি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। বিতং তদন্তত অধিক তথ্য পোহৰলৈ আহিব।”

পৰিয়ালৰ লোকে অভিযোগ কৰে যে অভিযুক্ত পুত্ৰ ত্ৰিদীপ দেৱৰয় মহিলাগৰাকীৰ মাজত দীৰ্ঘদিন ধৰি পাৰিবাৰিক সংঘাত চলি আহিছিল।

এনে পৰিপ্ৰেক্ষিততে পুত্ৰই মাতৃ জয়শ্ৰী দেৱৰয়ক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

তদুপৰি তেওঁলোকে ত্ৰিদিপৰ বিৰুদ্ধে পূৰ্বে এজাহাৰ দাখিল কৰিছিল যদিও তেওঁৰ অভিযোগ উত্থাপন কৰা আচৰণৰ বাবে ক্ষমা বিচৰাৰ পিছতে এজাহাৰ প্ৰত্যাহাৰ কৰা বুলিও দাবী কৰে।

ইতিমধ্যে আৰক্ষীয়ে ত্ৰিদীপক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।