দেওবাৰে গুৱাহাটীত পোহৰলৈ আহে এক চাঞ্চল্যকৰ ঘটনা। পিতৃক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি লুটপাত চলালে পুত্ৰই।
খবৰ অনুসৰি গুৱাহাটীৰ নূনমাটিৰ বাপুজী নগৰত সংঘটিত হৈছে এই ঘটনা।
খবৰ অনুসৰি পুত্ৰই ঘৰত লুটপাত কৰাৰ সময়ত পিতৃক কিছু নিচাযুক্ত দ্ৰব্যৰ বেজী দি অচতেন কৰে।
ইফালে, এই ঘটনাৰ পিছতে পিতৃয়ে আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে।
তদুপৰি পিতৃৰ চিকিৎসাৰ বাবে সাচি ৰখা প্ৰায় ৩.৫ লাখ টকা পুত্ৰই লুট কৰি লৈ যায় বুলি জানিব পৰা গৈছে।
তদুপৰি টকাখিনি লৈ পত্নীসহ পুত্ৰও এতিয়া পলাতক। বাতৰিত পুত্ৰজন ড্ৰাগছ আসক্ত বুলিও উল্লেখ কৰা হৈছে। তেওঁক ৰাহুল দাস বুলি চিনাক্ত কৰা হৈছে।
বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু আৰক্ষীয়ে সকলো সম্ভাৱ্য কোণত চকু ৰাখিছে বুলি এজন বিষয়াই জনায়।
