চলিত সপ্তাহত পুনৰ পশ্চিমবংগ ভ্ৰমণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে

62

ডিজিটেল ডেস্ক : পশ্চিম বংগত ২০২১ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সপ্তাহৰ অন্তত পুনৰ পশ্চিমবংগ ভ্ৰমন কৰিব। এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২৯৪ খন আসনৰ ভিতৰত ২০০ খন আসনত জয়লাভ কৰাৰ লক্ষ্য লৈছে। শ্বাহৰ এই ভ্ৰমন তৃণমূল কংগ্ৰেছৰ নেতা সুবেন্দু অধিকাৰী বিজেপিত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। শ্বাহৰ এই ভ্ৰমনসূচীকলৈ তৎপৰ হৈ পৰিছে বিজেপি।

প্ৰাপ্ত তথ্য অনুসৰি ১৯ ডিচেম্বৰত অমিত শ্বাহে কলকাতাৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ নিলগত পশ্চিম মিদনাপুৰৰ মেদিনীপুৰ চহৰত এক সভাত অংশগ্ৰহন কৰিব। ইয়াৰ পূৰ্বে শ্বাহে বিজেপি দলৰ কৰ্মী আৰু কৃষকসকলৰ সৈতে সভাৰ বাবে এখন ইনডৰ ষ্টেডিয়াম কৰাৰ হৈছিল কিন্তু মুকলি খেলপথাৰতে এই সভা অনুষ্ঠিত হ’ব। য’ত তৃণমূল কংগ্ৰেছৰ নেতা সুবেন্দু অধিকাৰী বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।