চলিত শিক্ষাবৰ্ষৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটত আৰম্ভ হ’ব পাঠদান প্ৰক্ৰিয়া

253

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নামেৰে প্ৰতিষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ে সোমবাৰে হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি সংবাদমেলৰ আয়োজন কৰে। ২০১৪ বৰ্ষৰে পৰা নগাঁৱৰ মূল চৌহদত পাঠদান আৰম্ভ হোৱা বিশ্ববিদ্যালয়খনক শেহতীয়াকৈ ৰাজ্য চৰকাৰে পাঁচটা নতুন গোট খোলাৰ বাবে অনুমতি প্ৰদান কৰিছে৷

ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে বিশ্ববিদ্যালয়খনে চলিত বৰ্ষৰে পৰা ধুবুৰীৰ ডুমৰদহ, বালাজানত বিশ্ববিদ্যালয়খনৰ আন এটা গোটত পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। বিশ্ববিদ্যালয়খনৰ এই নতুন গোট সম্পৰ্কত আয়োজন কৰা সংবাদমেল সম্বোধন কৰে বিশ্ববিদ্যালয়খনৰ সঞ্চালক (বিত্ত আৰু পৰিকল্পনা) তথা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা,উপ পঞ্জীয়ক (প্ৰশাসনিক) ড° শেখৰকান্তি সৰকাৰ, সহকাৰী জনসংযোগ বিষয়া গৌৰী প্ৰসাদ শৰ্মাই৷

এই সংবাদমেলতে বিশ্ববিদ্যালয়খনৰ উপস্থিত ব্যক্তিকেইজনে সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰে আৰু গোটৰ উত্তৰণৰ বাবে বিভিন্ন দিহা-পৰামৰ্শৰ কামনা কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ পটভূমি সম্পৰ্কে বিশদ বিৱৰণ আগবঢ়ায়। সংবাদমেলত বিশ্ববিদ্যালয়খনে শিক্ষাৰ্থীৰ প্ৰয়োজনসমূহ পূৰণ কৰিব পৰাকৈ নতুন শৈক্ষিক বৰ্ষৰে পৰা সংযোজন কৰিবলগীয়া নতুন বিষয়সমূহৰ বিষয়ে অৱগত কৰে৷

বিশ্ববিদ্যালয়খনে চলিতবৰ্ষৰে পৰা আৰম্ভ কৰিব স্নাতকোত্তৰ মহলাৰ বাবে অসমীয়া, ইংৰাজী, অৰ্থনীতি, শিক্ষাতত্ব, দৰ্শন আৰু ৰাজনীতি বিজ্ঞান বিষয়। তেওঁলোকে জনোৱা মতে ধুবুৰী ইউনিটতে শিক্ষাৰ্থীসকলে অনাগত সময়ছোৱাত পি.এইচ.ডি কৰাৰো সুবিধা লাভ কৰিব৷

সংবাদমেলত উপস্থিত থাকি বাবুল বৰাই বিশ্ববিদ্যালয়খন মূল্যবোধ তথা গুণগত শিক্ষা প্ৰদানৰ বাবে দায়বদ্ধ বুলি কোৱাৰ লগতে নতুন প্ৰজন্মৰ শিক্ষাৰ্থীক সৰ্বগুণসম্পন্ন কৰি তুলিব বুলি মতপোষণ কৰে৷ তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ মূল চৌহদৰ লগতে কেউটা ইউনিটৰে সামগ্ৰিক উন্নতিৰ বাবে ৰাজ্য চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আৰু শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৱে গ্ৰহণ কৰা পদক্ষেপক বিশেষ ভাৱে শলাগ লয়৷

উল্লেখ কৰিব পাৰি যে নগাঁৱৰ মূল চৌহদ,গুৱাহাটী গোটৰ সমান্তৰালভাৱে বিশ্ববিদ্যালয়খনৰ যোৰহাট, ধুবুৰী ইউনিটতো চলিত বৰ্ষৰ পৰা পাঠদান আৰম্ভ কৰিব৷ সৱিশেষ তথা নামভৰ্তিৰ বাবে বিশ্ববিদ্যালয়খনৰ ৱেবচাইট mssv.ac.in অথবা ৮৬৩৮৯০৯১০৩, ৮০১১৭৭৫৯৩৩ (কৃষ্ণ কান্ত ৰায়, ধুবুৰী গোটৰ কাৰ্যালয় সহায়ক) নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি কৰ্তৃপক্ষই সংবাদ মাধ্যমযোগে অৱগত কৰে৷