চলিত বৰ্ষত বিদ্যুৎ বিভাগৰ লাভ ৩৩ কোটি টকাঃ বিধানসভাত জনালে APDCLয়ে

316

বছৰ বছৰ ধৰি লোকচানৰ সন্মুখীন হোৱাৰ পাছত এইবাৰ বিদ্যুৎ বিভাগে লাভান্বিত কৰা বুলি শুকুৰবাৰে অসম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডে (এপিডিচিএল) জনায়।

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত ভাষণ দি শক্তি বিভাগে প্ৰকাশ কৰে কেইবাটাও তথ্য।

তেওঁলোকে কয় যে অসম ৰাজ্যৰ দৈনিক বিদ্যুৎ ব্যৱহাৰ প্ৰায় ২৪০০ মেগাৱাট।

বিদ্যুৎ ব্যৱহাৰৰ তুলনাত অসমত উৎপাদন মাত্ৰ প্ৰায় ৩৫০ মেগাৱাট বুলি উল্লেখ কৰি এপিডিচিএলে কয় যে বাকী ২০০০ মেগাৱাট অন্য ৰাজ্যৰ পৰা ক্ৰয় কৰা হয়।

তেওঁলোকে জনোৱা মতে, পূৰ্বে ৰাজ্যখনে ২০১৬ চনৰ পৰা ২০১৯ চনলৈ প্ৰতি ইউনিটত ৪.০৫ টকাৰ হাৰত বিদ্যুৎ ক্ৰয় কৰিছিল।অৱশ্যে এতিয়া প্ৰতি ইউনিটৰ মূল্য বৃদ্ধি পাই ৫.১৩ টকা হৈছে।

এপিডিচিএলে বিধানসভাক আৰু জনায় যে শক্তি বিভাগে ৩৩৯৮.০৪ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে, আনহাতে ২০২০ চনত এই পৰিমাণ আছিল ২৯,২৪২.১৯ টকা।

সৌভাগ্যৰ ৰূপত এই বছৰ লাভ কৰিলে শক্তি বিভাগে। বিভাগটোৱে বিধানসভাক জনোৱা মতে, চলিত বৰ্ষত এপিডিচিএলৰ লাভ হৈছে ৩৩,৬৩৫.১৯ কোটি টকা।