ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক তেৰচ গোৱালাক মঙলবাৰে নিশা চলন্ত ৰেলৰ ভিতৰত আক্ৰমণৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে বিধায়কজনে পত্নীসহ দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছৰে ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাত এই আক্ৰমণ সংঘটিত হয়।
দুলিয়াজন সমষ্টিৰ বিধায়কজনে জানিবলৈ দিয়া মতে তেওঁৰ সৈতে একেটা কম্পাৰ্টমেণ্টত যাত্ৰা কৰা এজন ব্যক্তিয়ে প্ৰথমে লাইট বন্ধ কৰাক বিধায়কজনৰ সৈতে কাজিয়াত লিপ্ত হয় আৰু তাৰ পিছত আক্ৰমণ কৰে।
অৱশ্যে, ব্যক্তিজনক লামডিং আৰক্ষী আৰু ৰে’লৱে আৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে। ব্যক্তিজনক লামডিঙৰ ৰমাকান্ত ৰয় বুলি চিনাক্ত কৰা হৈছে।
