চলন্ত ৰে’লত শিহৰণকাৰী ঘটনা! নিৰ্বিচাৰ গুলীবৰ্ষণত নিহত ASI সহ ৪ জন

91

এক শিহৰণকাৰী ঘটনা! সোমবাৰে পুৱা সাত বজাত মুম্বাই-জয়পুৰ এক্সপ্ৰেছত সংঘটিত হল এক ভয়ংকৰ গুলীচালনাৰ ঘটনা। চলন্ত ৰেলখনত সংঘটিত এই গুলিচালনাত মৃত্যু ঘটে কমেও ৪ জন লোকৰ। নিহতসকলৰ এজন আৰ পি এফ এ এছ আই বুলি জানিব পৰা গৈছে। বাকী তিনিজন যাত্ৰী। আৰ পি এফৰ এজন কনিষ্টবলৰ ওপৰত অভিযোগ উত্থাপন হৈছে এই গুলীচালনাৰ। মহাৰাষ্ট্ৰৰ পালঘৰৰ সমীপত চলন্ত ৰে’লত এনে ঘটনা সংঘটিত হোৱাৰ পিছত যাত্ৰীসকল অতিশয় আতংকিত হৈ পৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাৰ সৃষ্টি হৈছে। তথ্য লাভ কৰাৰ পিছত ৰে’লৱেই তদন্ত আৰম্ভ কৰিছে। আগ্নেয়াস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

পশ্চিম ৰেলৱেৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা জয়পুৰ-মুম্বাই এক্সপ্ৰেছ ৰেলখনে পালঘৰ ষ্টেচনৰ পৰা ওলাই অহাৰ পিছতে সংঘটিত হয় এই ঘটনা। ঘড়ীৰ সময় আছিল ৰাতিপুৱা ৫ বজা। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ৰে’লৰ বি-৫ কম্পাৰ্টমেণ্টত থকা আৰ পি এফৰ এজন কনিষ্টবলে নিজৰ বন্দুকৰে নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। গুলী লাগি চাৰিজন লোক বাগৰি পৰে। তাৰ পিছত দহিছাৰ ষ্টেচনত প্ৰৱেশ কৰাৰ সময়তে ৰেলৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰে অভিযুক্তই। কিন্তু ধৰা পৰে। আগ্নেয়াস্ত্ৰসহ গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ নাম চেতন সিং বুলি জানিব পৰা গৈছে।

ইফালে, আহত ৪ জন লোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। জানিব পৰা মতে, নিহতসকলৰ ভিতৰত আৰ পি এফৰ সহকাৰী উপ-পৰিদৰ্শকও আছে। বাকী তিনিজন সাধাৰণ যাত্ৰী। পশ্চিম ৰে’লৱেৰ তথ্য অনুসৰি, অভিযুক্ত আৰ পি এফৰ কনিষ্টবল চেতন সিঙে কিয় ইমান মাৰাত্মক আক্ৰমণ সংঘটিত কৰিলে সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে। এই ঘটনাই সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰিছে যাত্ৰীসকল। চলন্ত ৰে’লত এনে আক্ৰমণৰ ভয়ৰ উপৰিও ৰে’লৱেৰ সুৰক্ষা সম্পৰ্কে পুনৰ প্ৰশ্ন উত্থাপন হৈছে।