সমগ্ৰ জাতিৰ আৱেগ প্ৰতিধ্বনিত মধ্যপ্ৰদেশৰ লোকসকলেও নিজৰ নিজৰ দেৱতাক প্ৰণাম কৰি বুধবাৰে সন্ধিয়া নিৰ্ধাৰিত চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্ৰাৰ্থনা কৰা দেখা যায়।
একে ধাৰাতে ১১ জন বৈদিক ব্ৰাহ্মণে ভূপালৰ মা বৈষ্ণো ধাম আদৰ্শ নৱ দুৰ্গা মন্দিৰত ‘গণেশ সংকত স্তোত্ৰম’ পাঠ আৰম্ভ কৰি ‘ৰুদ্ৰ অভিষেক’ পৰিবেশন কৰে।
একেদৰে ইন্দোৰত ২১ জন ব্ৰাহ্মণে যজ্ঞ কৰি খজৰাণা মন্দিৰত ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযানৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰে।
খজৰানা গণেশ মন্দিৰৰ পুৰোহিত অশোক ভাটে কয়, “চন্দ্ৰযান ৩ৰ সফল অৱতৰণৰ বাবে ভগৱান গণেশৰ ওচৰত প্ৰাৰ্থনা কৰি ইয়াত যজ্ঞ কৰা হৈছে। ইয়াৰ ফলত আমাৰ জাতিৰ গৌৰৱ বৃদ্ধি পাব।” বুধবাৰে পুৱাৰে পৰা সন্ধিয়ালৈকে ভক্তৰ বিপুল ভিৰ। ভগৱান গণেশৰ এটা গুৰুত্বপূৰ্ণ দিন আৰু আজিৰ দিনটোতে চন্দ্ৰযান-৩ অৱতৰণ কৰিছে বুলিও তেওঁ লগতে কয়।
ইফালে, ছটাৰপুৰত বাঘেশ্বৰ ধামত বৃহৎ সংখ্যক ভক্তই একত্ৰিত হৈ চন্দ্ৰযান-৩ চন্দ্ৰত সফল অৱতৰণৰ বাবে প্ৰাৰ্থনা জনায়। মন্দিৰত বিশেষ যজ্ঞ আৰু পূজাৰ আয়োজন কৰা হয় য’ত ভক্তসকলৰ বিপুল অংশগ্ৰহণ দেখা যায়।
বুধবাৰে পুৱা উজ্জয়িন জিলাৰ মহাকালেশ্বৰ মন্দিৰতো এক বিশেষ ‘ভস্ম আৰতি’ পৰিৱেশন কৰা হয়।
আনহাতে জবলপুৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰচণ্ড উৎসাহ দেখা গ’ল মহানগৰীৰ মডেল হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলেও মহাকাশযানখনৰ প্ৰত্যাশিত ছফ্ট লেণ্ডিঙ বৃহৎ পৰ্দাত চোৱাৰ বিশেষ ব্যৱস্থা কৰা হৈছে।
পণ্ডিত লাজ্জা শংকৰ ঝা মডেল হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে কয় যে আজি কেৱল তেওঁলোকৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবেও গৌৰৱৰ দিন যেতিয়া সকলোৱে দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্ৰাৰ্থনা কৰিছে।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই যোৱা ১৪ জুলাইত চন্দ্ৰযান-৩ অভিযান আৰম্ভ কৰাৰ এমাহ আঠ দিন হ’ল।সকলো ঠিকে থাকিলে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰা প্ৰথমখন দেশ হ’ব ভাৰত। সন্ধিয়া ৬:০৪ বজাত অৱতৰণৰ সম্ভাৱনা আছে।