নগাঁও জিলাৰ পুৰণিগুদামৰত অনুষ্ঠিত হোৱা “সমূদ্ৰ মন্থন” ভাওনাত “বেহাৰবাৰী আউটপ’ষ্ট” ধাৰাবাহিকৰ মোহন আৰু মুকুতা খ্যাত দুই শিল্পী দ্বীপজ্যোতি কেওঁট আৰু অশ্বিনী ডেকাই বহুৱালিৰে ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। গুৰুজনাৰ অমৰ সৃষ্টিক বিকৃত ৰূপ প্ৰদান কৰা দ্বীপজ্যোতি কেওত আৰু অশ্বিনী ডেকাৰ ৰাজ্যৰ বিভিন্ন মহল সৰৱ হোৱাৰ পিছতে নিজৰ ভুলৰ বাবে ক্ষমা খোজে দ্বীপজ্যোতিয়ে।
বহুৱালিৰে ভাওনাক বিকৃত ৰূপত পৰিৱেশন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিৰ্তকৰ মাজতে ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি দি, ঘৰৰ ল’ৰা বুলি ভাবি মাফ কৰি দিবলৈ অনুৰোধ জনায় দীপজ্যোতি কেওঁটে। উল্লেখ্য যে, মোহিনীৰ ভাও লোৱা শিল্পীয়ে দানৱ ৰূপী শিল্পীক চুম্বন কৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মোহিনীৰ ৰূপত অভিনয় কৰা দ্বীপজ্যোতি কেওঁটৰ কাণ্ডক সৰ্বত্ৰে গৰিহণা দিয়া দেখা যায়।