জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাত একাংশ লোকে এগৰাকী মহিলাক ঘৰৰ পৰা টানি টানি উলিয়াই আনি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা জানিব পৰা গৈছে। যোৱা সপ্তাহত কাঠুৱাৰ দেৱাল গাঁৱত সংঘটিত হোৱা এই কাণ্ডৰ পিছত সোমবাৰে অভিযোগ দাখিল কৰা হয় আৰু কেইঘণ্টামানৰ পিছত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
৩ মিনিটৰ এই ভিডিঅ’ ক্লিপটোত দেখা গৈছে যে মহিলাগৰাকীক চুলিত ধৰি টানি ঘৰৰ পৰা উলিয়াই আনি একাংশ লোকে আক্ৰমণ কৰে। ভিডিঅ’টোত মহিলাগৰাকীৰ সন্তানক কান্দি থকা দেখা গৈছে বুলিও আৰক্ষীয়ে জনায়।
সোমবাৰে দাখিল কৰা লিখিত অভিযোগত মহিলাগৰাকীয়ে কয় যে তেওঁৰ ঘৰত থকাৰ সময়ত অপৰাধমূলক উদ্দেশ্যৰে চাৰিজন ব্যক্তিয়ে তেওঁক আক্ৰমণ কৰি নিৰ্যাতন চলাইছিল। মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ইতিমধ্যে ৪ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে আগতে গাঁৱৰ বাহিৰৰ পৰা অহা এটা বিশেষ দলক তেওঁৰ ঘৰলৈ আহিবলৈ দিয়াত মহিলাগৰাকীয়ে বিৰোধিতা কৰিছিল। ইয়াৰ পূৰ্বেও আৰক্ষীয়ে গোটটোক গাঁওখন ভ্ৰমণ নকৰিবলৈ সকীয়াই দিছিল।
