ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল। অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিলে ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। এইবাৰ পূৰ্বৰ শীৰ্ষৰ ১০টা স্থানৰ পৰিৱৰ্তে ৩টা স্থানহে ঘোষণা কৰা হৈছে। শীৰ্ষ তিনিটা স্থানত আছে এইবাৰ পাঁচজনকৈ শিক্ষাৰ্থী। ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বাধিক ৫৯৩ নম্বৰ লাভেৰে প্ৰথম স্থান দখল কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অনুৰাগ দলৈয়ে। অনুৰাগ দলৈয়ে অসমীয়াত লাভ কৰিছে ৯৬ নম্বৰ, ইংৰাজীত ৯৭, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে। ৫৯০ নম্বৰ লাভেৰে দ্বিতীয় স্থান লাভ কৰিছে বিশ্বনাথৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ঝৰ্ণা শইকীয়াই। ঝৰ্ণা শইকীয়াই অসমীয়াত লাভ কৰিছে ৯৮ নম্বৰ, ইংৰাজীত ১০০, সাধাৰণ গণিতত ৯৪, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে। ৫৮৮ নম্বৰ লাভেৰে তৃতীয় স্থান দখল কৰিছে মাজুলীৰ কমলাবাৰীৰ আইলেণ্ড একাডেমীৰ মানস প্ৰতিম শইকীয়াই। মানস প্ৰতিম শইকীয়াই অসমীয়াত লাভ কৰিছে ৯৪ নম্বৰ, ইংৰাজীত ১০০, সাধাৰণ গণিতত ৯৫, সাধাৰণ বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ১০০ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে।
