ঘোষণা হল অসম ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতিৰ নাম

129

২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰঞ্জিত কুমাৰ দাসে নতুন মন্ত্ৰীসভাত নিজৰ স্থান দখল কৰাৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি বাচনিক লৈ আৰম্ভ হৈছিল তীব্ৰ চৰ্চাৰ।

কিন্তু অৱশেষত এই চৰ্চাৰ অন্ত পেলাই আজি ঘোষণা কৰা হল অসম ৰাজ্যিক বিজেপিৰ সভাপতিৰ নাম। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডাই আজি অসমৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি কোন হব সেই কথা প্ৰকাশ কৰে।

দলীয় নেতৃত্বই এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি পদত অধিষ্ঠিত কৰাইছে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতাক। অচিৰেই ভৱেশ কলিতাই ৰঞ্জিত দাসৰ পৰা নিজৰ দায়িত্বভাৰ চমজি লব। আনহাতে ভৱেশ কলিতাৰ নেতৃত্বত বিজেপিয়ে অসমত অধিক প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব বুলি আশাবাদী দলীয় সমৰ্থকসকল।