ঘোষণা নতুন SOP- ক’ত ক’ত শিথিল সান্ধ্য আইন…

70

ৰাজ্যত আজি ঘোষণা কৰা হৈছে নতুন এছঅ’পি। চৰকাৰী নিৰ্দেশনা অনুসৰি এইবাৰ কোনো কোনো জিলাত সান্ধ্য আইন শিথিল কৰাৰ বিপৰীতে আন কেইবাখনো জিলাত একেদৰেই ৰখা হৈছে পূৰ্বৰ নীতি-নিৰ্দেশনা। কামৰূপ মহানগৰত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলবৎ হৈ থাকিব বুলি ঘোষণা কৰা হৈছে।

ইফালে শেহতীয়া কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁও জিলাত দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে। আনহাতে কোভিড সংক্ৰমণৰ হাৰ কিছু কম হোৱাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ শালমৰা, মাজুলী, চিৰাং, বঙাইগাঁও, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও আৰু চৰাইদেউ জিলাত পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে।

পূৰ্বৰ এছঅ’পিত উল্লেখ থকাৰ দৰেই দুটা ভেকচিন গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ দিয়াৰ বিপৰীতে ৫ বছৰৰ তলৰ সন্তানৰ মাতৃ আৰু সন্তানসম্ভৱা মহিলা কৰ্মচাৰীক ঘৰৰ পৰাই দায়িত্ব সমাপন কৰাৰ নিৰ্দেশ দিয়া হৈছে। পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত আন্তঃজিলা যাতায়ত বন্ধ থাকিব। অৱশ্যে জিলাৰ ভিতৰত এশ শতাংশ যাত্ৰীৰে যান-বাহন চলিব পাৰিব বুলি ঘোষণা কৰা হৈছে নতুন এছঅ’পিত।