ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আবকাৰী বিষয়া

7

জনতা ভৱনত ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল আবকাৰী বিষয়া। গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীৰ নাম পাৰ্থ হাজৰিকা। আবকাৰী বিভাগৰ ছেকচন অফিচাৰ পাৰ্থ হাজৰিকা। দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে কৰায়ত্ত কৰে বিষয়াজনক।২৫ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় পাৰ্থ হাজৰিকা। পূৰ্বেও ৪০ হাজাৰ টকাৰ ঘোচ লোৱাৰ অভিযোগ বিষয়াজনৰ বিৰুদ্ধে। পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দীত বুলি জানিব পৰা গৈছে।