ৰাজ্যত আকৌ ঘোচ কাণ্ড।
এইবাৰ ঘোচ লৈ গ্ৰেপ্তাৰ এগৰাকী মহিলা কৰ্মচাৰী।
মঙলবাৰে শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
অভিযানত ঘোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কাৰ্যালয়টোৰ কৰ্মচাৰী ববী খান শইকীয়া।
মাটিৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত ঘোচ লৈছিল ববী খান শইকীয়াই।
উপায়ুক্ত কাৰ্যালয়ৰ অপাৰেটৰ ৰূপে কৰ্মৰত আছিল ঘোচখোৰ মহিলা কৰ্মচাৰীগৰাকী।
