ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ ২ চৰকাৰী কৰ্মচাৰী…

298

পুনৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষায়ৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এইবাৰ লক্ষীমপুৰৰ জল সম্পদ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত চলিল ভিজিলেন্সৰ অভিযান।

উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ এলডিএ সমৰজ্যোতি শইকীয়া আৰু মুৰব্বী সহকাৰী তৰুণ চন্দ্ৰ মৰাঙ।

ঠিকাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে ধন লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় দুয়োগৰাকী চৰকাৰী বিষয়াক।

এই তথ্য সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।