ঘোচ লৈ গ্ৰেপ্তাৰ বিলাসীপাৰা চক্ৰ বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক

164

ঘোচ লৈ গ্ৰেপ্তাৰ আন এগৰাকী চৰকাৰী কৰ্মচাৰী।

এইবাৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলিল ধুবুৰীৰ বিলাসীপাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ত।

অভিযানত উৎকোচ গ্ৰহণৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ জ্যেষ্ঠ সহায়ক মহাবুব মোল্লাহক।

ভূমি মিউটেছনৰ নামত এজনৰ পৰা টকা লৈছিল দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীজনে।

এই অভিযোগ লাভ কৰাৰ পিছতে হাতেলোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে একেদিনাই যোৰহাটত গ্ৰেপ্তাৰ হৈছে আনগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া।

ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতাক।

ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত দুৰ্নীতিগ্ৰস্ত বিষয়া গৰাকীয়ে লৈছিল উৎকোচ।