ৰাজ্যত পুুনৰ ঘোচ কাণ্ড।
এইবাৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল আৰু এজন গাঁওবুঢ়া।
মাটিৰ কাম নিষ্পত্তিৰ বাবদ ৪৫০০ টকাৰ ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল কনক বৰুৱা।
আনহাতে লাট মণ্ডলজনৰ হৈ এই ধন অভিযোগকাৰীৰ পৰা লৈ গ্ৰেপ্তাৰ কলাইগাঁৱৰ ১নং আমগুৰি গাঁৱৰ গাঁওবুঢ়া দিলীপ বৰাও।
উল্লেখ্য যে, ৰাজ্যত দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে বিগত সময়ত কেইবাজনো লাট মণ্ডল ঘোচ লৈ জালত পৰিছে।