ঘোচ লৈ গ্ৰেপ্তাৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা

156

ৰাজ্যত পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া।

এইবাৰ ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বিনিময়ত উৎকােচ লৈ গ্ৰেপ্তাৰ ঔষধ পৰিদৰ্শক।

ধৃত যােৰহাটৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা।

জাহ্নৱী কলিতাক হাতে-লােটে গ্ৰেপ্তাৰ কৰে ভিজিলেন্সৰ অভিযানকাৰী দলে।

উল্লেখ্য যে যোৰহাট স্থিত অসম চৰকাৰৰ জ্যেষ্ঠ ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ত শনিবাৰে অভিযান চলায় সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে।

এই অভিযানতে ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন জনােৱা এজন লােকৰ পৰা উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ হয় কাৰ্যালয়টােৰ ঔষধ পৰিদৰ্শক জাহ্নৱী কলিতা।

সম্প্ৰতি কাৰ্যালয় চৌহদতে ধৃত জাহ্নৱী কলিতাক জেৰা চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলে।

এই অভিযানৰ কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে ভিজিলেন্সৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।