ৰাজ্য চৰকাৰৰ ৰাজহুৱা কাম-কাজ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ বাসগৃহত আৰক্ষীৰ সৈতে দুৰ্নীতি নিবাৰক শাখাই চলোৱা অভিযানত জব্দ ৪৫ লাখ টকা নগদ ধন।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে হাফলঙত উৎকোচৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল পি ডব্লিউ ডিৰ অভিযন্তাজনক।
হাফলং সংমণ্ডলৰ পি ডব্লিউ ডি(আৰ এণ্ড বি)ৰ কাৰ্যবাহী অভিযন্তা মনোজ কুমাৰ শইকীয়াক উৎকোচ গ্ৰহণক সময়তে হাতে-লোটে কৰা হৈছিল গ্ৰেপ্তাৰ।
জানিব পৰা মতে, চৰকাৰী বিষয়াগৰাকীয়ে বাকী থকা বিল মুকলি কৰাৰ বাবদ অভিযোগকাৰীৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে।
তদুপৰি অনুসন্ধান অভিযানৰ সময়ত তেওঁৰ বাসগৃহৰ পৰা ৪৫,৫৪,৩৮৫ টকাৰ নগদ ধনো উদ্ধাৰ কৰা হৈছে।
