ঘিলামৰা ৰাইদঙ্গীয়া গাওঁৰ কৃষক আগ্ৰহী গোটৰ প্ৰশংসনীয় পদক্ষেপ

96

দিপাংকৰ চেতিয়া, ঘিলামৰাঃ ঘিলামৰাৰ ৰাইদঙ্গীয়া গাঁৱৰ “কৃষক আগ্ৰহী গোট”ৰ সদস্য সকলে কৃষি কৰ্মৰ দ্বাৰা স্বাবলম্বিতাৰ নিদৰ্শন দেখুওৱাৰ লগতে কৰ্মোদ্যমৰ উদাহৰণ হিচাপেও অঞ্চলটোত যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। গাঁৱৰে স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ চৌহদত অতি কম পৰিমাণৰ মাটিতে তৰপে তৰপে কেইবাটাও খেতি কৰি যথেষ্ট পৰিমাণে আৰ্থিক উপাৰ্জন লাভ কৰি গোটটোৰ সদস্য সকল লাভবান হোৱা দেখা গৈছে।

উল্লেখযোগ্য যে বিদ্যালয়খনৰ চৌহদৰ মাত্ৰ এক বিঘা মাটিত বৰ্তমান গোমধানৰ খেতি কৰি উৎপাদন কৰিছে ৮ কুইন্টলতকৈ অধিক গোমধান। তাৰোপৰি যোৱা শীতৰ ঋতুত শাক পাচলি আৰু সৰিয়হৰ খেতি কৰিয়ো লাখ টকা উপাৰ্জন কৰি আৰ্থিক ভাবে বহু পৰিমাণে সকাহ লাভ কৰিছিল প্ৰায় ২০ জনীয়া গোটতোৰ সদস্য সকল। ইতিমধ্যে Ghilamara Care Farmers Producer Organization ৰ পঞ্জীয়ন ভুক্ত গোটতোৱে জিলা কৃষি বিভাগৰ পৰা কিছু সহায় লাভ কৰিছে যদিয়ো বৰ্তমানলৈ কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ কৰা নাই।