ঘিলাধাৰী নৈত নাও দুৰ্ঘটনা, দুই মহিলা সন্ধানহীন

157

বিশ্বনাথৰ মুখৰগড়ৰ ঘিলাধাৰী নদীত সংঘটিত এক ভয়ংকৰ নাও দুৰ্ঘটনা সন্ধানহীন হৈ পৰিছে দুগৰাকী মহিলা।

নদী পাৰ হোৱাৰ সময়তে নৈৰ বুকুত ডুব যায় যাত্ৰীবাহী নাওখন।

এই নাও দুৰ্ঘটনাত ৪ গৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও দুগৰাকী বৰ্তমানেও সন্ধানহীন হৈ আছে৷

নৈৰ বুকুত সন্ধানহীন হৈ থকা দুগৰাকীৰ নাম ক্ৰমে জতি চাহু(২৫) আৰু স্বৰগ মণি কেওঁত।

জানিব পৰা মতে মহিলা কেইগৰাকীয়ে পথাৰত ধান ৰুবলৈ গৈ আবেলি ঘূৰি অহাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।

উদ্ধাৰ কৰা ৪গৰাকী মহিলাক প্ৰতাপগড় চাহ বাগিছাৰ চিকিৎসালয় ভৰ্ত্তি কৰা হয়।

উদ্ধাৰ হোৱা মহিলা কেইগৰাকী হ’ল ক্ৰমে জোনাকী প্ৰজা,(২১) দূৰ্গাণি কেওঁট(১৮)নেহা খোদাল(২০) আৰু ৰিছমা কেওঁট(১৮)।