ঘিলাধাৰীত পুৰণি মাটিখোলাত বৃহৎ চুলাই ভাটি উচ্ছেদ

356

গোলাঘাট জিলাৰ ফৰকাটিং আবকাৰী বিভাগ তথা ঘিলাধাৰী আৰক্ষী থানাৰ অধীনস্থ পুৰণি মাটিখোলাত আজি অবৈধ চুলাইৰ এটা বৃহৎ ভাটি ঘিলাধাৰী আৰক্ষীয়ে উচ্ছেদ কৰে। জানিব পৰামতে ঘিলাধাৰী চাহ বাগিচাৰ দাঁতিকাষৰীয়া পুৰণি মাটিখোলা অঞ্চলৰ এখন ব্যক্তিগত খণ্ডৰ ক্ষুদ্ৰ চাহবাগিচাৰ মাজত এটা অসাধু চূলাই ব্যৱসায়ীয়ে বৃহৎ পৰিমানৰ চুলাই তৈয়াৰ কৰি অহা তথ্য আজি পুৱা বাগান কৰ্তৃপক্ষই প্ৰত্যক্ষ কৰে। ইয়াৰ ভিত্তিত স্থানীয় ঘিলাধাৰী আৰক্ষীক জনোৱাত আৰক্ষী বাহিনী উপস্থিত হৈ ভাটিটোত চুলাই প্ৰস্তুত কৰি থকা প্ৰত্যক্ষ কৰে।আৰক্ষীয়ে দুটা চিনটেক্সত প্ৰায় চাৰিশ লিটাৰ লালিগুৰৰ ফাৰমেন পাছ আৰু ভালেসংখ্যক চুলাই তৈয়াৰ কৰা সা-সামগ্ৰী ধ্বংস কৰে।জনৈক দাস উপাধিৰ অসাধু ব্যৱসায়ীটোৱে আৰক্ষীৰ উপস্থিতিৰ উমান পায় পলায় আত্মগোপন কৰাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ’ল যদিও শীঘ্ৰে কাৰায়ক্ত কৰিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।