গৰুখুটিৰ ঘটনাক লৈ পাকিস্তানৰ প্ৰতিক্ৰিয়া: ভাৰতীয় উচ্চায়ুক্তক জাৰি কৰিলে চমন

131

২৩ ছেপ্টেম্বৰত দৰং জিলা গৰুখুটিত “অবৈধ বেদখল” আঁতৰোৱাৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ ওপৰত তীব্ৰ আপত্তি জনাইছে পাকিস্তানে। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে শনিবাৰে নিশা টুইট যোগে অসমৰ এই হিংসাত্মক ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

টুইটটোত লিখা হৈছে, “শেহতীয়াকৈ ভাৰতৰ অসম ৰাজ্যত মুছলমানসকলক লক্ষ্য কৰি লোৱাক লৈ পাকিস্তান চৰকাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। য’ত ৰাজ্যখনৰ মুছলমান বাসিন্দাসকলৰ বিৰুদ্ধে এক নিৰ্মম বহিষ্কাৰ অভিযান আৰম্ভ কৰা হৈছে।”

আনহাতে, ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণৰ পিছতে পাকিস্তানৰ গৃহমন্ত্ৰী শ্বেখ ৰছিদে অসমক উদ্ধৃত কৰি কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

লক্ষণীয় যে দৰং জিলাৰ চিপাঝাৰ চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ নিলগৰ গৰুখুটিত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। হিংসাত্মক সংঘৰ্ষত দুজন লোক নিহত হৈছিল আৰু নজন আৰক্ষী আৰু সাতজন গাওঁবাসী আহত হৈছিল।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে শনিবাৰে টুইটত জানিবলৈ দিয়ে যে অসমৰ এই হিংসাত্মক ঘটনা আৰু ভাৰতত সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতন সন্দৰ্ভত পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্তক চমন জাৰি কৰিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, “শেহতীয়া হিংসা অতি দুৰ্ভাগ্যজনক যিটো মুছলমানসকলৰ বিৰুদ্ধে চলি থকা হিংসাৰ এটা অংশস্বৰূপ। ভাৰতীয় নিৰাপত্তা বাহিনী হয় মুছলমানসকলৰ বিৰুদ্ধে নিজেই হিংসাত জড়িত বা মুছলমানসকলৰ বিৰুদ্ধে নিৰন্তৰ লিঞ্চিং বা অন্যান্য অত্যাচাৰত জড়িত থকা ‘হিন্দুত্ববাদী’ উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদীসকলক সুৰক্ষা দি আছে,।”

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে ভাৰত চৰকাৰে মুছলমান বিৰোধী আৰু সংখ্যালঘু বিৰোধী আইন আনিছে। পাকিস্তানে লগতে কয় যে মুছলমানসকলৰ বিৰুদ্ধে বৰ্ধিত হিংসাই ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি অসহিষ্ণুতাৰ স্তৰ আৰু সন্মানৰ অভাৱ প্ৰদৰ্শন কৰে।

“ভাৰতীয় উচ্চায়ুক্তক কোৱা হৈছে যে ভাৰত চৰকাৰে শেহতীয়াকৈ অসমত সংঘটিত মুছলমান বিৰোধী হিংসা আৰু একে ধৰণৰ বহুতো ঘটনাৰ তদন্ত কৰিব লাগিব আৰু ষড়যন্ত্ৰকাৰীসকলক এই অপৰাধৰ বাবে শাস্তি দিয়া উচিত। একে সময়তে, এনে ধৰণৰ ঘটনা যাতে ভৱিষ্যতে নহয় তাৰ বাবে পদক্ষেপ লোৱা উচিত।” -পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই এনেদৰে কয়।