ৰাজ্যৰ ৰাজনীতিত বিতৰ্কিত মন্তব্যৰ বাবে পৰিচিত বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। শ্বহীদক ‘ঘাতক’ সজাই বিধায়কজনে কৰা মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
বিভিন্ন দল-সংগঠনে শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী তুলি ৰাজপথত প্ৰতিবাদো সাব্যস্ত কৰিছিল। যাৰ পৰিণতিত বিধায়কজনক দিছপুৰৰ বিধায়কৰ আবাসৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কলাক্ষেত্ৰত মিঞা মিউজিয়াম দাবী কৰি ৰাজ্যত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিছিল এইজন বিতৰ্কিত বিধায়কে।
