গ্ৰেপ্তাৰৰ ২৪ ঘণ্টাৰ ভিতৰতে জামিন লাভ স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকৰ

157

গ্ৰেপ্তাৰৰ ২৪ ঘণ্টা নৌহওতেই জামিন লাভ কৰিবলৈ সক্ষম হ’ল স্বয়ম্ভু আচাৰ্য পংকজ পাঠকে। বূুধবাৰে সন্ধিয়া হাউলীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পংকজ পাঠকে থানাৰ পৰাই বৃহস্পতিবাৰে সন্ধিয়া লাভ কৰে জামিন।

নাৰী বিদ্বেষী মন্তব্য কৰা স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকক বুধবাৰে নিশা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছতে তেওঁক হাতীগাঁও থানালৈ লৈ অনা হয়। কিন্তু হাতীগাঁও থানাৰ পৰাই তেওঁ বৃহস্পতিবাৰে লাভ কৰে জামিন।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত উপ আৰক্ষী আয়ুক্ত সুধাকৰ সিঙে কয় যে পাঠকক জামিনযোগ্য অপৰাধ হোৱাৰ বাবে জামিন মঞ্জুৰ কৰা হৈছে। তেওঁ লগতে কয় যে পাঠকে যদি পুনৰ এনে মন্তব্য কৰে তেন্তে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হব।

স্বয়ম্ভূ আচাৰ্যজনে সামাজিক মাধ্যমত নাৰী বিদ্বেষী এটা ভিডিঅ’ পোষ্ট কৰাৰ পিছতে ৰাজ্যৰ বি্ভিন্ন প্ৰান্তত মহিলা সংগঠনে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। তাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে গ্ৰেপ্তাৰ কৰা হৈছিল ভণ্ড আয়ুৰ্বেদিক চিকিৎসকজনক।