আইদুল হুছেইন, নলবাৰীঃ ‘গ্ৰন্থ হ’ল এক স্থায়ী দলিল৷ সকলো ক্ষেত্ৰতে গ্ৰন্থৰ গুৰুত্ব আছে’- এই মন্তব্য চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বলেন্দ্ৰ কুমাৰ গোস্বামীৰ৷ বৃহস্পতিবাৰে কুলবিলৰ জ্ঞানেশ্বৰ ক্ষেত্ৰত বিশিষ্ট যুৱ সমাজ কৰ্মী প্ৰয়াত যজ্ঞেশ্বৰ তালুকদাৰ সোঁৱৰণী গ্ৰন্থ “যজ্ঞাহুতি” আনুষ্ঠানিকভাৱে উন্মোচন কৰি দিয়া ভাষণত এই মন্তব্য কৰে উন্মোচক বলেন গোস্বামীয়ে৷
সম্পুৰ্ন ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আৰম্ভনিতে যজ্ঞেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত তালুকদাৰৰ সহধৰ্মিনী গিতীমা তালুকদাৰে৷ ইয়াৰ পিছতে অনুষ্ঠানত উপস্থিত সকলোৱে পুস্পাঞ্জলি প্ৰদান কৰে৷ সাংবাদিক ৰাজেন বৈশ্যই আঁতধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিল্পী তথা শিল্পী পেঞ্চনাৰ উমেশ দত্ত, কৈঠালকুছি হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক নগেন তালুকদাৰ, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক দিবাকৰ তালুকদাৰ, বিশিষ্ট কবি শান্তনু শৰ্মা আদি কেইবাজনো বিশিষ্ট লোকে৷
অনুষ্ঠানত প্ৰয়াত যুৱ সমাজ কৰ্মী, প্ৰাক্তণ খেলুৱৈ, অভিনেতা যজ্ঞেশ্বৰ তালুকদাৰৰ জীৱন পৰিক্ৰমাৰ ওপৰত ভাষণ প্ৰদান কৰে ক্ষেত্ৰী ধৰ্মপুৰ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাজীৱ দত্ত, গ্ৰন্থখনৰ সম্পাদক ড° ৰাজেশ কাকতি, কবি শান্তনু শৰ্মা, শিল্পী উমেশ দত্ত, কন্ঠ শিল্পী অতুল ডেকাই৷ শেষত শলাগৰ শৰাই প্ৰদান কৰে গ্ৰন্থ সম্পাদনা সমিতিৰ সদস্য তথা বিশিষ্ট চিত্ৰ শিল্পী বিনয় শৰ্মাই৷