গুৱাহাটী, নতুন দিল্লী, মুম্বাইঃ ছুনিটিনিব অৰেল কেপচুলৰ জেনেৰিক সংস্কৰণ এছইউটিআইবি ভাৰতত বৃক্কৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছৰ দ্বাৰা আৰম্ভ কৰা হৈছে। ছুনিটিনিব হৈছে এক অৰেল মাল্টি-কিনাজ ইনহিবিটৰ (এমকেআই), কোষৰ বিকাশ বৃদ্ধি কৰা কেইবাটাও এনজাইম অৱৰোধ কৰি কাম কৰে। গেষ্ট্ৰ’ইনটেস্টিনেল ষ্ট্ৰ’মেল টিউমাৰ আৰু উন্নত ৰিনেল চেল কাৰ্চিন’মা থকা কিছুমান ৰোগীৰ চিকিৎসাৰ বাবে ই উপযোগী। ইয়াক কিছুমান প্ৰকাৰৰ অগ্ন্যাশয় নিউৰ’এণ্ড’ক্ৰাইন টিউমাৰ থকা ৰোগীৰ বাবেও অনুমোদন কৰা হয়।
এক দশকৰ ওপৰৰ পৰা, ছুনিটিনিব দ্ৰুতভাৱে বিয়পি থকা (মেটাষ্টেটিক) বৃক্ক কৰ্কট ৰোগৰ ক্ষেত্ৰত চিকিৎসাৰ এক ‘গ’ল্ড ষ্টেন্ডাৰ্ড’ হিচাপে ভালদৰে স্বীকৃতি লাভ কৰিছে। গৱেষণাই দেখুৱায় যে কেৱল ছুনিটিনিবে বৃক্ক কৰ্কটৰোগৰ বৃদ্ধিৰ আশংকা ৫৮% হ্ৰাস কৰাত সহায় কৰিছে। ঔষধটো এটা নিৰ্দিষ্ট মূল্যত আৰম্ভ কৰা হয় যি উদ্ভাৱক ব্ৰেণ্ডৰ মূল্যৰ তুলনাতকৈ প্ৰায় ৯৬% কম, যাৰ মূল্য প্ৰতি মাহে ৭০০০ টকা (৫০ এমজি), ৩৬০০ টকা (২৫ এমজি) আৰু ১৮৪০ টকা (১২.৫ এমজি)। ছুনিটিনিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনৰ দ্বাৰা অনুমোদিত। ইণ্ডিয়া ফৰ্মূলেশ্বনৰ গোট উপ-সভাপতি আৰু ব্যৱসায়িক মুৰব্বী শ্ৰীযুত আলোক মালিকে কয়, “গ্লেনমাৰ্কৰ বাবে অনক’লজী হৈছে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ ক্ষেত্ৰ। চিকিৎসক আৰু তেওঁলোকৰ ৰোগীসকলৰ বাবে সুলভ ব্যয়ত আৰু কাৰ্যকৰী ঔষধ আনিবলৈ গ্লেনমাৰ্ক প্ৰতিশ্ৰুতিবদ্ধ”।
