গৌৰৱৰ ক্ষণ! নৰ্থ চেনেল সাঁতুৰি পাৰ হৈ ইতিহাস ৰচনা অসম সন্তান এলভিছ আলী হাজৰিকাৰ…

211

অসমীয়া সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই বুধবাৰে ইতিহাস ৰচনা কৰি নৰ্থ চেনেল পাৰ হোৱা প্ৰথমজন অসমীয়া হিচাপে ৰাজ্যবাসীক গৌৰৱাম্বিত কৰে।

ইয়াৰ পিছতে টুইট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এলভিছ আলী হাজৰিকাক তেওঁৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনায়।

মুখ্যমন্ত্ৰীয়ে টুইটত লিখে- ”অসমৰ বাবে এক গুৰুত্বপূৰ্ণ জয় আৰু অপৰিসীম গৌৰৱ! এই উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰা প্ৰথমজন অসমীয়া হিচাপে ইতিহাসত নিজৰ নাম খোদিত কৰি নৰ্থ চেনেল জয় কৰাৰ বাবে সাঁতোৰবিদ এলভিছ আলী হাজৰিকালৈ আন্তৰিক অভিনন্দন! আপোনাৰ সফলতা আমাৰ সকলোৰে বাবে এক প্ৰেৰণা! “

গুৱাহাটীৰ নিবাসী হাজৰিকা সাঁতোৰৰ অভিলেখৰ বাবে পৰিচিত আৰু এইবাৰ অসমবাসীক গৌৰৱান্বিত কৰি আন এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

উল্লেখ কৰিব পাৰি যে হাজৰিকাই পূৰ্বেও কেইবাটাও অভিলেখ সৃষ্টি কৰিছে।

২০২১ চনত ধৰ্মতাৰ জেটীৰ পৰা গেটৱে অৱ ইণ্ডিয়া, মুম্বাই, আৰব সাগৰলৈ সফলতাৰে সাঁতুৰি যোৱা প্ৰথমজন অসমীয়া হিচাপে হাজৰিকাই আন এক অভিলেখ গঢ়িছিল।

লগতে, ২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেটালিনা চেনেল পাৰ হোৱা ৰাজ্যখনৰ পৰা প্ৰথমগৰাকী অসমীয়া হৈছে হাজৰিকা।

এলভিছ আলী হাজৰিকাই আমেৰিকাৰ পৰা মেক্সিকোত উপস্থিত হৈ চেনেলটোৰ মাজেৰে সাঁতুৰি ১০ ঘণ্টা ৫৯ মিনিটৰ ভিতৰত ৮০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে।